Sunday, 13 October 2019


 আজিৰ এই দ্ৰুত গতিৰ পৃথিৱীত মানুহৰ হাতত সকলো আছে নাই কেৱল সময় । পুৱাৰ টিফিন, অফিচ, ঘৰ, স্কুল, টিউচন, বজাৰ, জিম আদি অনেক কাম । ঘড়ীৰ কাঁটাৰ লগত যেন বান্ধ খাই আছে আমাৰ এই জীৱন । অকনমান কম বেছ হলেই যেন সকলো শেষ ।
তাৰ মাজত অকনমান সময় উলিয়াই নিজৰ ভাল পোৱা গল্প কিতাপ এখন পঢ়িবলৈ আমাৰ সময় ক’ত । মানুহৰ সকলোতকৈ ভাল বন্ধু কিতাপৰ পৰা আমি আজি বহু যোজন দুৰৈত । কিন্তু কোনো কথা নাই আপোনাৰ মবাইলটোতে এই সমস্যাৰ সমাধান আছে ।
দিনটোৰ অৱসাদৰ ওৰ পেলাবলৈ শিতানত মুৰ থৈ আপোনাৰ মবাইলত ইউটুৱ খুলি টাইপ কৰক “kahinixunuahok” । ভৌতিক, ৰোমান্টিক, খুহুটীয়া আদি নতুন নতুন অসমীয়া গল্পই আপোনাক লৈ যাৱ এনে এখন পৃথিৱীলৈ, যি অকনমান সময়ৰ বাবে হলেও পাহৰাই দিব আপোনাৰ দিনটোৰ ভাগৰ ।
আপুনিও শুনক আৰু সকলোকে শুনাওক “কাহিনী শুনো আহক”- A YouTube Channel .


No comments:

Post a Comment